ভাৰতবৰ্ষলৈ ইউৰোপীয় সকলৰ আগমন
এই নথিখনত ভাৰতলৈ ইউৰোপীয় সকলৰ আগমন, বিশেষকৈ পৰ্তুগীজ আৰু ইংৰাজসকলৰ আগমন, বাণিজ্য আৰু শাসনৰ আৰম্ভণিৰ বিষয়ে চমু আৰু দীঘল উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে।
অতি চমু প্ৰশ্ন উত্তৰ:
১) ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্রথমে উপস্থিত হৈছিল?
উত্তৰঃ প্রথম পৰ্তুগীজ নাৱিকজন আছিল ভাস্ক' ডা গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত সমুদ্রপথেৰে কালিকট বন্দৰলৈ আহি ভাৰতত উপস্থিত হৈছিল।
২) জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ পৃথিৱী জলপথেৰে একেবাৰে ঘূৰি অহা প্ৰথম ইংৰাজ নাৱিকজন আছিল ফ্ৰান্সিছ ড্ৰেক।
৩) ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হল প্ৰথমবাৰলৈ ভাৰতত প্ৰৱেশ কৰিছিল।
৪) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক'ত गঠন হৈছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ অনুমতিত গঠন কৰা হৈছিল।
৫) ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ
ক) ভাৰতৰ সৈতে বাণিজ্য-বেপাৰ কৰাৰ উদ্দেশ্যে।
খ) ইংৰাজ ৰাজনৈতিক শাসন বিস্তাৰ কৰাৰ উদ্দেশ্যে।
৬) ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ইংৰাজে প্ৰথম বাণিজ্য কেন্দ্ৰ ১৬১১ খ্ৰীষ্টাব্দত মছলিপট্ৰমত স্থাপন কৰিছিল।
৭) ফৰ্ট উইলিয়াম' কি?
উত্তৰঃ কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে নিৰ্মাণ কৰা বাণিজ্য কেন্দ্ৰটো ফৰ্ট উইলিয়াম নামেৰে পৰিচিত।
৮) পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি?
উত্তৰঃ
ক) মোগল সাম্রাজ্যৰ পতনৰ পৰা ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহলৈকে।
খ) ১৮৫৮ চনৰ পৰা ১৯৪৭ চনৰ স্বাধীনতা লাভলৈকে।
৯) 'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উত্তৰঃ ১৮৫৮ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদে এই আইন প্ৰণয়ন কৰে, যাতে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসনৰ সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰা হয়।
১০) 'ভাৰতীয় পৰিষদ আইন' কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৬১ চনত ব্ৰিটিছ সংসদে এই আইন প্ৰণয়ন কৰে, যাৰ উদ্দেশ্য আছিল ভাৰতীয়ক ইংৰাজ প্রশাসন ব্যৱস্থাৰ সৈতে পৰিচিত কৰা।
চমু/দীঘল উত্তৰৰ প্রশ্ন:
প্রশ্ন ১। ইংৰাজে ভাৰতৰ লগত বাণিজ্য় চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা ।
উত্তৰঃ ১৬০৮ চনত কেপ্টেইন হকিন্সে জাহাংগীৰৰ সৈতে বাণিজ্য চুক্তিৰ চেষ্টা কৰিছিল, কিন্তু ব্যর্থ হয়। ১৬১৫ চনত ছাৰ টমাচ ৰ\'য় চুৰাটত বাণিজ্য কুঠি স্থাপনৰ অনুমতি লাভ কৰে। ১৭১৫ চনত জন ছাৰমানৰ দলৰ চিকিৎসক ডাঃ হেমিলটনে ফাৰুখছিয়াৰক চিকিৎসা কৰি তিনিখন ফৰমান আদায় কৰে, যাৰ ফলত ইংৰাজে ভাৰতত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰিবলৈ সক্ষম হয়।
প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে তিনিটা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল---
(ক) গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(খ) ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বোম্বাই চহৰ লাভ কৰি তাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(গ) জব চাৰ্ণকে বংগৰ নবাবৰ সৈতে চুক্তি কৰি কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
প্রশ্ন ৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন?
উত্তৰঃ ৰবার্ট ক্লাইৱে আছিল সেই উল্লেখযোগ্য ব্যক্তি, যিয়ে যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানিৰ আধীন কৰিছিল। তেওঁ ১৭৫৭ চনৰ পলাচী যুদ্ধত বিজয়ী হৈ ভাৰতত ব্রিটিছ সাম্রাজ্যৰ ভিত স্থাপন কৰিছিল।
প্রশ্ন ৪। চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ মুখ্য চাৰিটা কাৰণ হ'ল---
(ক) ৰাজনৈতিক কাৰণঃ স্বত্ববিলোপ নীতি।
(খ) অর্থনৈতিক কাৰণঃ ৰজা আৰু জমিদাৰসকলৰ আয়ৰ পথ বন্ধ হৈ যোৱা।
(গ) সামাজিক কাৰণঃ ইংৰাজৰ সমাজ সংস্কাৰ আৰু হস্তক্ষেপ।
(ঘ) ধর্মীয় কাৰণঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ প্রচেষ্টা।
প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ মুখ্য ফলাফলসমূহ হ'ল---
(ক) ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ অন্ত।
(খ) দেশীয় ৰজাসকলৰ অধিকাৰ সংৰক্ষণ।
(গ) ভাৰতত জাতীয়তাবাদৰ জন্ম।
(ঘ) ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলক প্রশাসনত অংশগ্ৰহণৰ সুযোগ দিয়া।
প্রশ্ন ৬। 'ভাৰত চৰকাৰ আইন'ৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ
(ক) ভাৰত শাসনৰ দায়িত্ব ইষ্ট ইণ্ডিয়া কোম্পানিৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ গ'ল।
(খ) 'ভাৰত সচিব' পদ সৃষ্টি কৰা হ'ল।
(গ) গভৰ্ণৰ জেনেৰেলক 'ভাইচৰয়' উপাধি দিয়া হ'ল।
(ঘ) কোম্পানিৰ সামৰিক বাহিনী ব্ৰিটিছ চৰকাৰৰ তলতীয়াকৈ কৰা হ'ল।
প্রশ্ন ৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ
(ক) উডৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষাৰ উন্নতি সাধন কৰিছিল।
(খ) সেনাবাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল।
প্রশ্ন ৮। 'ভাৰতীয় পৰিষদ আইন'ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ
গুণঃ
(ক) ভাৰতীয়সকলক বিধানমণ্ডলত স্থান দিয়া হৈছিল।
(খ) কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ আৰু বিত্তৰ ক্ষেত্ৰত কিছু ক্ষমতা দিয়া হৈছিল।
দোষঃ
(ক) ভাৰতীয়সকলক প্ৰকৃত অৰ্থত প্ৰতিনিধিত্ব দিয়া হোৱা নাছিল।
(খ) ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উপেক্ষা কৰাৰ ক্ষমতা দিয়া হৈছিল।
প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ
(ক) লর্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।
(খ) আঞ্চলিক পৰিষদ আৰু প্রাথমিক ব'র্ড গঠন কৰা হৈছিল।
(গ) নগৰাঞ্চলত পৌৰসভা আৰু নগৰপালিকা স্থাপন কৰা হৈছিল।
প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল?
উত্তৰঃ
(ক) ১৮৫৩ চনত ভাৰতীয়সকলক লােকসেৱাৰ পৰীক্ষাত অংশ লোৱাৰ অনুমতি দিয়া হৈছিল।
(খ) ১৮৬৪ চনত সত্যেন্দ্ৰ নাথ ঠাকুৰ প্ৰথম ভাৰতীয় হিচাপে লােকসেৱাৰ পদ লাভ কৰিছিল।
(গ) লর্ড লিটনৰ আমলত ভাৰতীয়সকলক লোকসেৱাৰ পদত নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল।
প্রশ্ন ১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱাৰ তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ
(ক) ব্ৰিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল, স্বাধীন ভাৰতত ভাৰততে অনুষ্ঠিত হয়।
(খ) ব্ৰিটিছ আমলত প্ৰাৰ্থীৰ বয়সৰ সীমা ২২ বছৰ আছিল, স্বাধীন ভাৰতত ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
(গ) ব্ৰিটিছৰ সময়ত পৰীক্ষা সম্পূৰ্ণৰূপে সর্বভাৰতীয় আছিল, স্বাধীন ভাৰতত ৰাজ্যিক পৰীক্ষাও অনুষ্ঠিত হয়।