ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
এই নথিখনত ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ, জাতীয় জাগৰণ, সংস্কাৰ আন্দোলন, জাতীয় কংগ্ৰেছৰ জন্ম আৰু ভাৰতীয় জাতীয়তাবাদ গঢ়ি তোলাত বিভিন্ন ব্যক্তি আৰু কাৰকৰ অৱদানৰ বিষয়ে চমু আৰু দীঘল উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে।
অতি চমু /চমু উত্তৰৰ প্ৰশ্নঃ
১) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম (প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰঃ ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম প্ৰধান কাৰক আছিল ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ, যিয়ে দেশবাসীৰ মাজত স্বাধীনতাৰ বীজ বপন কৰিছিল।
২) আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰঃ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল।
৩) 'স্যাৰে জাহাছে আচ্ছা ....' গীতৰ গীতিকাৰ কোন?
উত্তৰঃ 'স্যাৰে জাহাছে আচ্ছা' গীতখনৰ গীতিকাৰ আছিল মহম্মদ ইকবাল।
৪) ভাৰতত পোন প্ৰথম ৰেল যাতায়ত কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত প্ৰথম ৰেল যাত্ৰা ১৮৫৩ চনত বোম্বাই আৰু থানেৰ মাজত আৰম্ভ হৈছিল।
৫) ভাৰতত পোন প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰঃ ভাৰতত প্ৰথম টেলিগ্ৰাফ ব্যৱস্থা ১৮৩৯ চনত কলিকতা আৰু ডায়মণ্ড হাবৰাৰ মাজত বেচৰকাৰীভাৱে আৰম্ভ হৈছিল।
৬) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?
উত্তৰঃ ভাৰতৰ প্ৰথম ছপাশাল ১৭৯৭ চনত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল।
৭) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে হিন্দু কলেজ নামেৰে কলিকতাত প্ৰতিষ্ঠা কৰা হৈছিল।
৮) লর্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ
(ক) সতীদাহ প্ৰথা আইনদ্বাৰা নিষিদ্ধ কৰিছিল।
(খ) স্ত্ৰী শিক্ষাৰ প্ৰসাৰ সাধন কৰিছিল।
৯) ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰঃ ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত আছিল 'বেংগল গেজেট'।
চমু /দীঘল উত্তৰৰ প্ৰশ্নঃ
১) চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল চমুকৈ লিখা।
উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ আছিল ভাৰতীয় জনগণৰ প্ৰথম ৰাজনৈতিক আন্দোলন। বিদ্ৰোহীসকলে ইংৰাজ শাসন উচ্ছেদ কৰি মোগল শাসন পুনৰ স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। যদিও এই আন্দোলন সফল নহ'ল, যদিও ই ভাৰতবাসীৰ মাজত ঐক্য, আত্মসচেতনতা আৰু স্বদেশপ্ৰেমৰ অনুভূতি সৃষ্টি কৰি জাতীয়তাবাদৰ বীজ বপন কৰিছিল।
২) 'উদৰ প্ৰেৰণ পত্ৰ'ৰ মূল উদ্দেশ্য কি কি আছিল লিখা।
উত্তৰঃ উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য আছিল ভাৰতত শিক্ষাৰ উন্নতি সাধন কৰা। তাত প্ৰাথমিক পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ পৰামৰ্শ দিয়া হৈছিল। প্ৰতিখন প্ৰদেশত শিক্ষা বিভাগ খোলাৰ কথা কোৱা হৈছিল। মেধাবী ছাত্ৰক বৃত্তি দিয়া, বিদ্যালয় আৰু কলেজত চৰকাৰী অনুদান প্ৰদান আৰু শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।
৩) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬ টা কাৰকৰ বিষয়ে লিখা।
উত্তৰঃ
(১) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহে ভাৰতবাসীৰ মাজত স্বাধীনতাৰ চেতনাৰ জন্ম ঘটাইছিল।
(২) পাশ্চাত্য শিক্ষাৰ প্ৰভাৱৰ ফলত শিক্ষিত ভারতীয়সকলে ইংৰাজ শাসনৰ অন্যায় উপলব্ধি কৰিছিল।
(৩) ৰেল, পথ আৰু ডাক ব্যৱস্থাৰ উন্নতিয়ে একে দেশৰ মানুহৰ মাজত সম্পৰ্ক স্থাপন কৰি ঐক্যৰ বোধ জাগ্ৰত কৰিছিল।
(৪) ধর্মীয় আৰু সমাজ সংস্কাৰ আন্দোলন, বিশেষকৈ ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ আৰু ৰাজা বেন্টিংকৰ উদ্যোগে সমাজত নতুন চিন্তাধাৰা আনিছিল।
(৫) ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন জাতীয় আন্দোলনৰ সংগঠিত ৰূপ দিছিল।
(৬) দাদাভাই নৌৰজী, বাল গংগাধৰ তিলক আদি নেতাসকলে স্বরাজৰ ধাৰণা দেশবাসীৰ মাজত প্ৰচাৰ কৰিছিল।
৪) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ
(ক) পাশ্চাত্য শিক্ষাই ভাৰতীয়সকলক নতুন চিন্তাধাৰা আৰু যুক্তিবাদী মনোভাৱৰ সৈতে পৰিচিত কৰিছিল।
(খ) ই ইউৰোপীয় চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি কৰাই দিছিল, যাৰ ফলত সমাজত জাগৰণ আহিছিল।
(গ) ৰুছো, ভল্টেয়াৰ, স্পেনচাৰ আদি দাৰ্শনিকসকলৰ চিন্তাধাৰাই স্বাধীনতা আৰু গণতন্ত্ৰৰ বোধ জাগ্ৰত কৰিছিল।
(ঘ) শিক্ষাৰ প্ৰভাৱত জাতীয়তা, স্বশাসন আৰু স্বাধীনৰ প্ৰতি গভীৰ আগ্ৰহ জন্মিছিল।
৫) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা।
উত্তৰঃ ব্ৰিটিছসকলে ৰাস্তাঘাট, ৰেলপথ আৰু ডাক ব্যৱস্থা বিকাশ কৰিছিল। ১৮৩৯ চনত কলিকতা-দিল্লীৰ মাজত গ্ৰেণ্ড ট্ৰাঙ্ক ৰোড নিৰ্মাণ আৰু ১৮৫৩ চনত বোম্বাই-থানেৰ মাজত প্ৰথম ৰেল চলাচলেৰে যোগাযোগৰ বিপ্লব ঘটিছিল। এই উন্নতিয়ে অঞ্চলৰ মাজত সংযোগ স্থাপন কৰি জাতীয় চেতনা আৰু ঐক্যৰ বোধ জাগ্ৰত কৰিছিল।
৬) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। তেওঁ হিন্দু ধৰ্মৰ কুসংস্কাৰৰ বিৰুদ্ধে আন্দোলন কৰি সতীদাহ প্ৰথা বন্ধ কৰিবলৈ উইলিয়াম বেন্টিংকৰ সহায় কৰিছিল। তেওঁ সমাজ সংস্কাৰ, স্ত্ৰী শিক্ষা আৰু উদাৰনৈতিক শাসনৰ পক্ষে আহ্বান জনাইছিল। এছাৰে তেওঁ বাল্য বিবাহ, বহু বিবাহ, পৰ্দা প্ৰথা আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁৰ চিন্তাধাৰাই ভাৰতীয় সমাজত নতুন জাগৰণ সৃষ্টি কৰিছিল।
৭) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ বাল্য বিবাহ, বহু বিবাহ আৰু জাতিভেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। বিধৱা বিবাহ, স্ত্ৰী শিক্ষা আৰু শুদ্ধি আন্দোলনৰ মাধ্যমে হিন্দু সমাজত নতুন চেতনা আনে। আৰ্য সমাজৰ মাধ্যমে দয়ানন্দে অন্ধবিশ্বাসৰ বিৰুদ্ধে লড়াই কৰি ভাৰতত হিন্দু জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল।
৮) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ কেশৱ চন্দ্ৰ সেনে ১৮৬৭ চনত মহাৰাষ্ট্ৰত 'প্ৰাৰ্থনা সমাজ' প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনে সমাজ সংস্কাৰ, বিধৱা বিবাহ আৰু শিক্ষাৰ বিস্তাৰত গুৰুত্ব দিছিল। জাষ্টিছ মহাদেৱ গোবিন্দ ৰাণাডে ইয়াৰ মুখ্য নেতা আছিল। প্ৰাৰ্থনা সমাজে অনাথ শিশু, নিৰক্ষৰ আৰু অনুন্নত সমাজৰ উন্নয়নৰ বাবে নৈশ বিদ্যালয়, আশ্ৰম আৰু শিক্ষা সংস্থা স্থাপন কৰিছিল। এই সংগঠনই দক্ষিণ ভাৰতত জাতীয়তাবাদী চেতনাৰ উন্মেষ ঘটাইছিল।
৯) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ আদৰ্শৰ আধাৰত স্বামী বিবেকানন্দে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে। এই মিছনে ধৰ্ম, সমাজসেৱা আৰু আধ্যাত্মিকতাৰ যোগে জাতীয় চেতনাৰ বিস্তাৰ কৰে। বিবেকানন্দে দেশবাসীৰ মনত স্বদেশপ্ৰেম, আত্মবিশ্বাস আৰু ঐক্যৰ বোধ জাগ্ৰত কৰে। তেওঁৰ তেজস্বী ভাষণে ভাৰতীয়ৰ মনত জাতীয় গৌৰৱৰ অনুভূতি সৃষ্টি কৰিছিল।
১০) ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেছান্টৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ এনি বেছান্টে থিয়'ছফিকেল ছ'চাইটিৰ মাধ্যমে ভাৰতীয় সভ্যতা পুনৰুদ্ধাৰৰ চেষ্টা কৰিছিল। তেওঁ ১৮৯৮ চনত বাৰাণসীত চেন্ট্ৰেল হিন্দু স্কুল প্ৰতিষ্ঠা কৰি শিক্ষাৰ উন্নতি ঘটায়। ১৯১৬ চনত তেওঁ 'হোম ৰুল লীগ' স্থাপন কৰি স্ব-শাসনৰ ধাৰণা প্ৰচাৰ কৰে। তেওঁৰ কৰ্মই ভাৰতবাসীৰ মাজত স্বাধীনতাৰ প্ৰেৰণা জাগ্ৰত কৰে।
১১) 'আলিগড় আন্দোলন' কি? এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা-চৰ্চাৰ পথ দেখুৱাইছিল লিখা।
উত্তৰঃ ছাৰ ছৈয়দ আহমদ খানে আলিগড় আন্দোলনৰ মাধ্যমে মুছলমান সমাজত আধুনিক শিক্ষাৰ প্ৰচাৰ কৰিছিল। ১৮৭৫ চনত তেওঁ আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে, যি ১৯২০ চনত বিশ্ববিদ্যালয়ত পৰিণত হয়। এই আন্দোলনে মুছলমানসকলক শিক্ষা, যুক্তিবাদ আৰু সমাজ সংস্কাৰৰ পথে আগুৱাই লৈ গৈছিল।
১২) 'বাতৰি কাকত'ৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল বৰ্ণনা কৰা।
উত্তৰঃ দেশীয় ভাষাৰ কাকতে ইংৰাজ শাসনৰ অত্যাচাৰ উদঙাই জনমত গঠন কৰিছিল। 'বংগদৰ্শন', 'সঞ্জীৱনী', 'অমৃতবাজার পত্ৰিকা' আদিয়ে স্বাধীনতাৰ ভাবনা জাগ্ৰত কৰিছিল। লৰ্ড লিটনে ১৮৭৮ চনত 'প্ৰেছ আইন' জাৰি কৰি এই কাকতসমূহ দমন কৰিছিল, কিন্তু তাতে ভাৰতীয়ৰ আত্মসম্মান আৰু জাতীয়তাবাদী চেতনাই অধিক দৃঢ়তা লাভ কৰে।
১৩) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা লিখা।
উত্তৰঃ এলেন অক্টেভিয়ান হিউমৰ উদ্যোগত ১৮৮৫ চনৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত কলেজত প্ৰথম কংগ্ৰেছ অধিবেশন অনুষ্ঠিত হয়। ৭২ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল আৰু উমেশচন্দ্ৰ বন্দোপাধ্যায় সভাপতি হয়। ইয়াৰ ফলত 'ভাৰতীয় জাতীয় কংগ্ৰেছ'ৰ জন্ম হয়, যি ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল সংগঠন হৈছিল।
১৪) ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ কংগ্ৰেছে আৰম্ভণিতে শান্তিপূৰ্ণ আবেদন-নিবেদনৰ পথ অবলম্বন কৰিছিল। ১৯০৫ চনত গোপাল কৃষ্ণ গোখলে আৰু বিপিনচন্দ্ৰ পালৰ মাজত মতভেদ দেখা দিয়ে। ১৯০৭ চনত কংগ্ৰেছ চৰমপন্থী (তিলক, লাজপত ৰায়, পাল) আৰু নৰমপন্থী (গোখলে) দলে বিভক্ত হয়। চৰমপন্থীসকলে স্বদেশী, স্বৰাজ আৰু জাতীয় শিক্ষাৰ মাধ্যমে স্বাধীনতাৰ আন্দোলন আগুৱাই নিয়ে।